ইজৰাইলৰ বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে বাণিজ্যিক বিমান সেৱা বাতিল কৰাৰ পাছত ইজৰাইল আৰু জৰ্ডানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অভিযানৰ অংশ হিচাপে অপাৰেচন সিন্ধুৰ অধীনত কালি ১৬০ গৰাকী ভাৰতীয় লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে ইৰান আৰু ইজৰাইলত থকা ভাৰতীয় লোকসকলক ঘূৰাই অনাৰ বাবে যোৱা সপ্তাহত অপাৰেচন সিন্ধু মুকলি কৰা হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেল আভিভত থকা ভাৰতীয় দূতাবাসে এই উদ্ধাৰকাৰ্যত সহায়ক হোৱাকৈ ২৪ ঘণ্টাই কাৰ্যকৰী হোৱা এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিছে। এই নিয়ন্ত্রণ কক্ষটোৱে ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলক অনলাইন প‘ৰ্টেলৰ জৰিয়তে তেওঁলোকৰ সকলো তথ্য পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে।
Assamese | June 23, 2025 11:15 AM | Indain people
জৰ্ডানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অভিযানত ১৬০ গৰাকী ভাৰতীয় লোকক সুৰক্ষিতভাৱে উদ্ধাৰ