জয়পুৰত আজি ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ’ব। জগতপুৰাৰ মহল ৰোডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত সেনাই নিজৰ অনুশাসন, শক্তি আৰু আধুনিক সামৰিক ক্ষমতাৰ প্ৰদৰ্শন কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই পেৰেড অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মা আৰু সেনাপ্রধান, জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্রহণ কৰিব। পেৰেডৰ চূড়ান্ত প্রস্তুতি ইতিমধ্যে সম্পূর্ণ হৈছে আৰু অনুষ্ঠানটোৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এইবাৰৰ সেনা দিবস উদযাপনে বিশেষ তাৎপর্য বহন কৰিছে কাৰণ প্ৰথমবাৰৰ বাবে শিবিৰ এলেকাৰ বাহিৰত সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ’ব আৰু যাৰ ফলত ভাৰতৰ সামৰিক ঐতিহ্য তথা কার্যকৰী উৎকর্ষতা পোনপটীয়াকৈ জনসাধাৰণৰ মাজলৈ আহিব।
Assamese | January 15, 2026 10:11 AM | Indian Army Day
জয়পুৰত ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড