জ্যেষ্ঠ সাংবাদিক, লেখক শান্তনু কৌশিক বৰুৱাৰ শততম গ্রন্থ সময়ৰ বঙিয়াইদি অসমৰ সংবাদপত্ৰৰ সংগ্ৰাম আৰু উত্তৰণ আজি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন আৰু স্বৰ্ণকমল প্রাপ্যক চলচ্চিত্র সমালোচক উৎপল দত্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত প্ৰান্তিক আলোচনীৰ সম্পাদক সদ্যপ্রয়াত প্ৰদীপ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
Assamese | January 18, 2026 8:06 PM | Book Release of 100th book of Shantanu Koushik Barua
জ্যেষ্ঠ সাংবাদিক, লেখক শান্তনু কৌশিক বৰুৱাৰ শততম গ্রন্থ সময়ৰ বঙিয়াইদি উন্মোচন