May 12, 2024 7:22 PM | PM Modi Campaign

printer

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ হুগলীত নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দেশৰ বিভিন্ন ঠাইত ভিন ভিন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আমবাগ লোকসভা সমষ্টিৰ এন ডি এ প্রার্থীগৰাকীৰ হৈ নির্বাচনী প্ৰচাৰ চলায়। তেওঁ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে মহান ব্যক্তিত্বৰ আদৰ্শৰে পৰিচালিত পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰে শিক্ষা ব্যৱস্থাক সম্পূর্ণ বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰে। বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি তেনেই দুর্বল বুলি মত প্রকাশ কৰি ৰাজ্যখনত শাসনাধিষ্ঠিত চৰকাৰখনক ইয়াৰ বাবে জগৰীয়া কৰে। শ্ৰীমোদীয়ে ইয়াৰ পিছত হাওৰাত অন্য এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।