জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গার্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰেপৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে আজি জুবিন ক্ষেত্রত আয়োজিত সর্বধর্ম প্রার্থনা সভাত অংশগ্ৰহণ কৰে। জুবিন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে কাইলে সাংস্কৃতিক অনুষ্ঠান, পৰহিলে গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালে ভাওনাৰ ব্যৱস্থা কৰা হৈছে।
Assamese | September 17, 2026 6:05 PM | Zubin Hearing
জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ