মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰিছে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে তদন্তৰ প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি হৈ থকা দুখ আৰু বেদনাভৰা কাহিনী ৰাইজে জানিব পাৰিব। শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এছ আই টিৰ সদস্য আৰু আৰক্ষীয়ে দিনে-নিশাই কাম কৰি থকা বুলিও তেওঁ কয়। একাংশই জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এপ্ৰিলৰ পাছত জুবিনৰ ভুৱা অনুৰাগীসকল নোহোৱা হৈ পৰিব ।
Assamese | November 1, 2025 9:13 PM | cm zubeen
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা অহা ১০ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে দাখিল কৰিবঃ মুখ্যমন্ত্ৰী