জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি সাক্ষ্য প্ৰদানৰ বাবে ইতিমধ্যে ফাষ্টট্রেক আদালতত মৃগাংক হাজৰিকা নামৰ লোকজন উপস্থিত হৈছে। অবশ্যে এইপর্যন্ত আদালতত অভিনেত্রী নিশিতা গোস্বামী উপস্থিত হোৱা নাই। উল্লেখযোগ্য যে ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম এগৰাকী আয়োজক হৈছে মৃগাংক হাজৰিকা। একেদৰে নৰ্থ ইষ্ট ফেষ্টিভেললৈ অন্যান্যসকলৰ লগতে অসমৰ পৰা অভিনেত্রী নিশিতা গোস্বামীও ছিংগাপুৰলৈ গৈছিল। সেই সূত্রেই দুয়োজনকে সাক্ষ্য দিয়াৰ বাবে ফাষ্টট্রেক আদালতত মতা হৈছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনখনৰ শুনানি উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব। আনহাতে আজি শিল্পী জুবিন গাৰ্গৰ এবছৰীয়া তিথি উপলক্ষে কাহিলিপাৰাৰ বাসগৃহত পালন কৰা হৈছে।
Assamese | October 8, 2026 2:43 PM | Zubin Garg
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত