জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পর্যন্ত ৭৩ জন সাক্ষীয়ে সাক্ষ্য দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাক্ষীসকলৰ সাক্ষ্য দান প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা ৯ জুনত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৩৯৪ গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে।
Assamese | August 4, 2026 6:41 PM | Jubin garg
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি পর্যন্ত ৭৩ জন সাক্ষীৰ সাক্ষ্য প্ৰদান