July 16, 2026 7:52 PM | Zubin Garg hearing

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত গোচৰটো সংক্ৰান্তত সাক্ষ্য প্রদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰক প্ৰতি-জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰ আজি জেৰা কৰিব নোৰাৱে। ইয়াৰ পৰিপ্ৰেক্ষতিত ন্যায়ালয়ে সাক্ষী শ্রীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

ইপিনে, অভিযুক্ত পৰেশ বৈশ্যই জামিন বিচাৰি দাখিল কৰা আবেদন আজি ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত হয় যদিও বিচাৰপীঠখনে শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে পূৰ্বৰ গোচৰসমূহৰ শুনানি লৈ থকাৰ পৰিপ্ৰেক্ষিতত খাউণ্ডৰ বিচাৰপীঠে বৈশ্যৰ জামিন আবেদনখন সঠিক বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।