June 29, 2026 8:19 PM | Jubin garg

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাৰ্ষ্ট ট্ৰেক আদালতত ৰবি শৰ্মাৰ সাক্ষ্য প্ৰদান

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্রদান কালত অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰীশৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে।