কেন্দ্ৰই জুনত কৰ হস্তান্তৰ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। বিত্ত মন্ত্ৰ্যালয়ে জনোৱা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব। উত্তৰ প্রদেশে সৰ্বাধিক ২৫ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। বিহাৰে ১৪ হাজাৰ কোটিতকৈও অধিক টকা, মধ্যপ্রদেশে প্রায় ১১ হাজাৰ কোটি আৰু পশ্চিমবংগই ১০ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। ২০২৪-২৫ চনৰ অন্তৱৰ্তীকালীন বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ ক্ষেত্ৰত প্ৰায় ১২ লাখ ২০ হাজাৰ কোটি টকা আগবঢ়োৱাৰ ব্যৱস্থা আছে।
Assamese | June 11, 2024 11:09 AM
জুনত কৰ হস্তান্তৰ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিৰো অধিক টকা মুকলি কেন্দ্ৰৰ