বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় প্ৰৱাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষম অর্থনৈতিক ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দক্ষিণ ভাৰতৰ পৰিকল্পনা, নিৰীক্ষণ আৰু পৰ্য্যালোচনা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ অগ্ৰাধিকাৰৰ প্ৰতি ভাৰতৰ সমৰ্থন প্রকাশ কৰে আৰু খনিজ পদাৰ্থ আৰু ঋণৰ স্থায়িত্বত গুৰুত্ব আৰোপ কৰে।
Assamese | July 25, 2025 8:52 PM | Pabitra Margherita
জি-২০ উন্নয়ন মন্ত্ৰীৰ প্ৰথমখন অধিৱেশনত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ