জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত ভয়ানক আক্ৰমণৰ ঘটনাক ভাৰতে গৰিহণা দিছে। এই আক্ৰমণৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিত বৰদিনৰ বজাৰত সংঘটিত এই আক্রমণক বৰ্বৰ আৰু অবিবেচক বুলি অভিহিত কৰিছে। এই আক্ৰমণত ৭ গৰাকী ভাৰতীয় নাগৰিকো আহত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে তিনিজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। জার্মানীত থকা ভাৰতীয় মিছনে এই আক্ৰমণত আহত লোকসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে শুকুৰবাৰে সন্ধিয়া বৰদিনৰ এখন জনাকীর্ণ বজাৰত কোনো দুর্বিত্তই বজাৰ কৰি থকা লোকক গাড়ীৰে মহতিয়াই নিছিল।
Assamese | December 22, 2024 11:26 AM | MEA condemns on Germany MEA condemns on Germany incident
জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা