জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেচনেল ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ সুকান্ত কদমে পুৰুষৰ একক শাখাত স্বৰ্ণপদক আৰু পুৰুষৰ দ্বৈত শাখাত তেওঁৰ সংগী দীনেশ ৰাজাইৰ সৈতে ৰূপৰ পদক লাভ কৰে। একক শাখাৰ ফাইনেলত সতীৰ্থ ভাৰতীয় শ্বাটলাৰ তৰুণৰ মুখামুখি হৈ সুকান্তই ২১-১২, ২১-১০ ব্যৱধানত নিজৰ আধিপত্য বিস্তাৰ কৰে। দ্বৈত শাখাত সুকান্ত আৰু দীনেশে ভাৰতৰ উমেশ বিক্রম কুমাৰ আৰু সুৰ্যাকান্ত যাদৱৰ বিৰুদ্ধে খেলি ২১-৫, ২০-২২ আৰু ২১-১৬ ব্যৱধানত ৰূপৰ পদক অৰ্জন কৰে।
Assamese | October 27, 2024 8:28 PM | Sukanta Kadam
জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত শ্বাটলাৰ সুকান্ত কদমৰ পুৰুষৰ একক শাখাত সোণৰ পদক অৰ্জন