পেৰা বেডমিণ্টনত টকিঅৰ পেৰা অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰমোদ ভগতে আজি জাপান ইণ্টাৰনেচনেলত পুৰুষৰ ছিংগলছ এছ এল থ্রী শিতানত সোণৰ পদক লাভ কৰিছে। তদুপৰি ভগতে পুৰুষৰ ডাবলছৰ এছ এল থ্রী-এছ ইউ ফাইভ শিতানতো সুকান্ত কদমৰ সৈতে ৰূপৰ পদক লাভ কৰিছে।
ছয় বাৰৰ বিশ্ব চেম্পিয়ন ভগতে ছিংগলছৰ চূড়ান্ত খেলত ভাৰতীয় খেলুৱৈ উমেশ কুমাৰক ২১-১৬, ২১-৮ ফলাফলত পৰাস্ত কৰি এই খিতাপ লাভ কৰে। আনহাতে, সুকান্ত কদমৰ সৈতে যুটীয়াভাবে ৫-২১, ১৫-২১ ফলাফলত ইণ্ডোনেছিয়াৰ হিকমত ৰামদানি আৰু ফ্রেডি ছেটিয়াৱানৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়।