জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ সৈতে ভাৰতীয় বায়ুসেনাৰ বীৰ গার্ডিয়ান ২০২৬ শীর্ষক যুটীয়া অনুশীলন

ভাৰতীয় বায়ুসেনা বাহিনীয়ে জোধপুৰৰ বায়ুসেনাৰ ঘাটিত জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ সৈতে বীৰ গার্ডিয়ান ২০২৬ শীর্ষক যুটীয়া অনুশীলন কৰিছে। পৰহিলৈ সামৰণি পৰিবলগীয়া এই ১৪ দিনীয়া অনুশীলনত উন্নত পৰিচালনামূলক অভিযান আৰু দুয়োটা বাহিনীৰ মাজত বৃত্তিগত অভিজ্ঞতা আদান-প্রদানত গুৰুত্ব আৰোপ কৰা হয়।

এই অনুশীলনত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজশ, ৰাফেল, ছু থার্টি এম কে আইকে ধৰি আগশাৰীৰ যুদ্ধ বিমানে অংশগ্ৰহণ কৰাৰ লগতে জাপানৰ বায়ুসেনা বাহিনীৰ এফ টু এ যুঁজাৰু বিমানে অংশগ্ৰহণ কৰিছে। এই অনুশীলনে কৌশলগত দক্ষতা আৰু মহাকাশ কার্যক্ষমতা বৃদ্ধি কৰি দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।