October 6, 2026 12:14 PM | Mizoram Tourist

printer

জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ মিজোৰামত ৬,৭৫,২৮৪ গৰাকী পৰ্যটকৰ আগমন

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ মিজোৰামত ৬ লাখ ৭৫ হাজাৰ ২৮৪ গৰাকী পৰ্যটকৰ আগমন হৈছে। মিজোৰামৰ বিভাগীয় কর্তৃপক্ষই জনোৱা মতে, ইয়াৰে ৬ লাখ ৬৪ হাজাৰ ১৯৭ গৰাকী দেশী পর্যটক আৰু ১১ হাজাৰ ৮৭ গৰাকী বিদেশী পর্যটক। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যসভাত পৰ্যটকৰ সংখ্যা আছিল ৫ লাখ ২৪ হাজাৰ ৭৮৪ গৰাকী। ইয়াৰে ৫ হাজাৰ ৯১১ গৰাকী বিদেশী পর্যটক। আনহাতে, ২০২৫-২৬ বর্ষত এই সংখ্যা ৯ লাখ ৮০ হাজাৰ ৬১৬ লৈ বৃদ্ধি হৈ অভিলেখ সৃষ্টি কৰিছে। নতুন ৰেল সংযোগ আৰু ৰাজ্যখনৰ পৰিবেশে পর্যটকসকলক মিজোৰামলৈ আকৰ্ষণ কৰিছে বুলি বিভাগীয় কর্তৃপক্ষই জনাইছে।