কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোড চহৰৰ কৃত্রিম বানৰ প্রকোপ হ্রাস কৰাৰ বাবে জিলা প্রশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জাগীৰোড পৰিদৰ্শন বঙলাত জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। শ্রী হাজৰিকাই কৃত্রিম বান সমস্যাৰ স্থায়ী সমাধান আৰু নলা নিষ্কাষন ব্যৱস্থা সম্পূৰ্ণৰূপে কার্যক্ষম কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ লগতে জাগীৰোড চহৰৰ নিষ্কাষণ ব্যৱস্থা উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক সমীক্ষাৰ জৰিয়তে যাৱতীয় ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে। জিলা প্রশাসনে ইতিমধ্যে কালভার্ত আৰু নলা নিষ্কাষণৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰি জলাশয়ৰ সৈতে সংযোগ থকা পথসমূহ পুনৰ কাৰ্যক্ৰম কৰি তোলাৰ কাম আৰম্ভ কৰিছে।
Assamese | August 7, 2026 7:05 PM | Pijush Hazarika in Morigaon
জাগীৰোড চহৰৰ কৃত্রিম বানৰ প্রকোপ হ্রাস কৰাৰ বাবে জিলা প্রশাসনৰ পদক্ষেপ গ্ৰহণ