জাগীৰোডৰ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ’ব। মেলা সমিতিয়ে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। ১৬ তাৰিখৰ পুৱাই পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ১৭ জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ’ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ’ব। ইয়াৰ লগতে বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ’ব।
Assamese | January 12, 2025 11:59 AM | Jonbeel Mela
জাগীৰোডৰ জোনবিলৰ পাৰত ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা