সেনা বাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্রভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে এহেজাৰৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু ৩০ হাজাৰৰো অধিক খাদ্যসামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্রস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল কৰা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্রোণ ব্যৱহাৰ কৰি দূৰণিবটীয়া দুর্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | July 30, 2026 7:42 PM | Jal Rahat mission
জল ৰাহত অভিযানৰ অধীনত এতিয়ালৈকে এহেজাৰৰো অধিক লোকক উদ্ধাৰ