জলজীৱন অভিযানৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত আজি এটা পৰিপূৰক উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে ২০১৯ চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে ১৫ কোটি পৰিয়াললৈ নলযোগে পানীৰ সুবিধা প্ৰদান কৰা হৈছে। শ্ৰী পাটিলে কয় যে পৰিয়ালসমূহলৈ পৰিষ্কাৰ খোৱাপানী যোগানৰ ফলত বেমাৰ-আজাৰ দূৰ হোৱাৰ বাবে ৮ লাখ কোটিতকৈও অধিক টকা জমা কৰিব পৰা গৈছে বুলি অধ্যয়নৰ যোগেদি জানিব পৰা গৈছে।
Assamese | August 8, 2024 2:08 PM | India | Jal Jeevan
জলজীৱন অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা