জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কালি ৬১ শতাংশৰো অধিক ভোটদান হয়। ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই পৰ্যায়ত ৰাজ্যখনৰ ৭ খন জিলা – ক্ৰমে পুলৱামা, শ্ব’পিয়ান, কুলগাম, কিষ্টৱাৰ, অনন্তনাগ, ৰামবাণ আৰু ডোডাৰ ২৪ টা সমষ্টি সামৰি লোৱা হয়। নিৰ্বাচন আয়োগে কৈছে যে প্রথম পৰ্যায়ত যুৱ আৰু মহিলা ভোটদাতাসকলে উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে আৰু ইয়াৰপৰা জন্মু-কাশ্মীৰৰ জনসাধাৰণে গণতন্ত্রক গভীৰভাৱে আঁকোৱালি লোৱাৰ কথা স্পষ্ট হৈ উঠিছে। আয়োগে ভোটদানৰ এই উৎসাহক বৰ্জন আৰু হিংসাৰ বিৰুদ্ধে আৰু বেলটৰ সপক্ষে শক্তিশালী প্রতিক্রিয়া বুলি অভিহিত কৰিছে।
Assamese | September 19, 2024 12:13 PM | J&K election
জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটদান