জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থী ঘূৰি ফুৰা বুলি কালি তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বড়োৱা গাঁৱত স্থানীয় লোকসকলে দুজন সন্দেহজনক লোকক গাঁওখনৰ লগতে কাষৰীয়া বনাঞ্চলত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰা বুলি তথ্য লাভ কৰাৰ পিছত অঞ্চলটোত এই তালাচী অভিযান চলোৱা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে অঞ্চলটোত যুটীয়াভাৱে এই অভিযান অব্যাহত ৰাখিছে। তালাচী অভিযানৰ বিতং তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে।
Assamese | July 28, 2024 7:57 PM | Jammu & Kashmir Militant
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান