জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ জিলাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৭গৰাকী নিৰুদ্দেশ

জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ জিলাত হোৱা বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত আজি পুৱাৰ ভাগত কমেও ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৭গৰাকী লোক নিৰুদ্দেশ হয়।

পুঞ্চ জিলাৰ চুৰাণকোট অঞ্চল আটাইতকৈ ক্ষতিগ্রস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। নেৰানেপেৰা বৰষুণ আৰু বিধবস্ত বাট-পথৰ মাজতে উদ্ধাৰ অভিযান অব্যাহত আছে।

উপ-ৰাজ্যপাল মনোজ সিনহাই পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ তৎকালীনভাৱে সাহায্য আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই তেওঁৰ দিল্লী ভ্রমণ আধাতে সামৰি দেওবাৰে বিয়লি জম্মুলৈ উভতি আহে।