জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়া পাণ্ডুৰাং কে প’লে কালি বাৰামুল্লাত উপস্থিত হৈ লোকসভা সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰ আৰু ষ্ট্ৰং ৰুমৰসমূহ পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰসমূহৰ লগতে স্থানীয় ইণ্ডোৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰি সা-সুবিধাসমূহৰ লগতে সুৰক্ষা লগত জড়িত দিশসমূহো পৰ্যৱেক্ষণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংগ এই নির্বাচন স্বচ্ছ-নিকা আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ আৰু নিয়মাৱলী কঠোৰভাৱে মানি চলাৰ দিশটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়।
Assamese | May 4, 2024 5:57 PM | J & K Strong Room
জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়াৰ বাৰামুল্লা লোকসভা সমষ্টিৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন