নির্বাচন আয়োগে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত চাৰিটা বছৰত এখন নিৰ্দিষ্ট জিলাত নাইবা নিজৰ স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আয়োগে মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াক দিয়া নির্দেশ মতে নির্বাচনৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা কোনো বিষয়াকে নিজৰ জিলা নাইবা সম্প্ৰতি কৰ্মৰত জিলাসমূহত কাম কৰাৰ অনুমতি দিব নালাগে। উচ্চতম ন্যায়ালয়ে যোৱা ১১ ডিচেম্বৰত চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ ভিতৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল।
Assamese | August 1, 2024 2:48 PM | ECI
জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত ৪ বছৰত এখন নিৰ্দিষ্ট জিলা বা স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ নিৰ্দেশ নির্বাচন আয়োগৰ