জম্মু-কাশ্মীৰত ৰাজৌৰি আৰু পুঞ্চ জিলাক কাশ্মীৰ উপত্যকাৰ ছপিয়ানৰ লগত সংযুক্ত কৰা ঐতিহাসিক মোগল ৰোড আজি পুনৰ মুকলি কৰি দিয়া হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যোৱা ৭ দিন ধৰি এই পথছোৱা বন্ধ ৰখা হৈছিল। মোগল ৰোডৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনিল কুমাৰে কয়, যে তুষাৰপাতৰ ফলত পিছল হৈ পৰা পথছোৱা সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি বন্ধ কৰি দিয়া হৈছিল। যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পুৱা চাৰে দহ বজাৰ পৰা দুপৰীয়া আঢ়ৈ বজালৈ যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে।
Assamese | January 11, 2026 8:57 PM | Mughal-Road Jammu and Kashmir
জম্মু-কাশ্মীৰৰ ঐতিহাসিক মোগল ৰোড পুনৰ মুকলি