জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে বৰ্তমানলৈকে ৪৪৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰাৰ বিপৰীতে ৩৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন অবৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন ১৮ ছেপ্তেম্বৰ, ২৫ ছেপ্তেম্বৰ আৰু পহিলা অক্টোবৰত ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ৮ অক্টোবৰত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।
Assamese | September 16, 2024 6:20 PM
জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন