মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ’- এন চি বিয়ে ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে নিজৰ লগত যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল’বলৈ পৰামৰ্শ দিছে। ছৌদি আৰৱে শেহতীয়াকৈ দেশখনত প্ৰৱেশ কৰা অথবা দেশখনৰ পৰা বাহিৰলৈ যোৱা ব্যক্তিৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ঔষধ লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্বে অনুমতি লাভ কৰা হৈছে নে নাই সেয়া জনাৰ বাবে ইলেকট্রনিক সেৱা মঞ্চ আৰম্ভ কৰাৰ পাছতে এন চি বিয়ে এই পৰামৰ্শ দিয়ে। এন চি বিয়ে প্রকাশ কৰা মতে ভাৰত বা অন্য দেশত আইনগতভাৱে উপলব্ধ নির্দিষ্ট কিছু ঔষধ ছৌদি আৰৱত নিষিদ্ধ হ’ব পাৰে। নিৰ্ধাৰিত হিচাবতকৈ অধিক পৰিমাণৰ ঔষধ নিয়া যিকোনো ব্যক্তিৰ বিৰুদ্ধে দেশখনত নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে বুলি এন চি বিয়ে উল্লেখ কৰিছে। ব্যুৰ’ই লগতে ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা নিষিদ্ধ ঔষধৰ তালিকা পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক পৰামৰ্শ দিছে।
Assamese | January 3, 2026 12:42 PM | NBC
ছৌদি আৰৱ ভ্ৰমণৰ বাবে যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল’বলৈ এন চি বিৰ পৰামৰ্শ