অসম ক্রিকেট সন্থাই ১৪ নৱেম্বৰৰ পৰা চণ্ডিগড়ত হ’বলগীয়া ছৈয়দ মুস্তাক আলী টি টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ বাবে অসমৰ ১৬ জনীয়া দল ঘোষণা কৰিছে। সেই অনুসৰি ডেনিছ দাসক দলৰ অধিনায়ক আৰু ছাহিল জৈনক উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে।
দলৰ বাকী খেলুৱৈসকলৰ ভিতৰত শিৱশংকৰ ৰয়, অভিনৱ চৌধুৰী, ৰোশন আলম, আকাশ সেন গুপ্তা, আয়ুষ্মান মালাকাৰ, মৃন্ময় দত্ত, বিশাল সাহা, প্রদ্যুন শইকীয়া, ভার্গর প্রতীম লহকৰ, আয়ুষ আগৰৱাল, ৰোহিত সেন, জিতুমণি কলিতা আৰু আব্দুল আজিজ কুৰেইছি আছে।