December 11, 2024 10:39 AM | Indian | Syrian civil war

printer

ছিৰিয়াৰ পৰা ৭৫ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ ব্যৱস্থা ভাৰতৰ

ছিৰিয়াত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পাছত কেন্দ্ৰীয় চৰকাৰে কালি ৭৫ গৰাকী ভাৰতীয় নাগৰিকক দেশখনৰ পৰা ওভতাই অনাৰ ব্যৱস্থা কৰে। এই লোকসকলৰ ভিতৰত ছায়েদা জেনাবত আৱদ্ধ হৈ থকা ৪৪গৰাকী জম্মু-কাশ্মীৰৰ বাসিন্দা। দেশখনত আবদ্ধ হৈ থকা সকলো ভাৰতীয়ই ইতিমধ্যে নিৰাপদে লেবানন সীমান্ত অতিক্ৰম কৰিছে আৰু বাণিজ্যিক বিমানযোগে শীঘ্ৰেই তেওঁলোক ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান অব্যাহত আছে। দেশখনৰ নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়ন আৰু ছিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতিত চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে বুলি উল্লেখ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।