ছিকিমৰ নামচি জিলাৰ চামডুঙত এন এইচ পি চিৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে ১১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহত সকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্রমিক আছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও ২৫ জন লোক আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। সুৰংগটোত আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্রেমসিং তামাং গ’লেৰ সৈতে টেলিফোনযোগে ঘটনা সন্দৰ্ভত কথা পাতে। শ্রীমোদীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পৰিস্থিতিৰ লগতে উদ্ধাৰ কাৰ্যৰ বুজ লয়। প্রধানমন্ত্রীয়ে লগতে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে প্রধানমন্ত্রীয়ে আহতসকলৰ প্ৰত্যেককে ৫০ হাজাৰ টকাকৈ দিয়া হ’ব বুলি প্ৰকাশ কৰে।