ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি সৌমিত্র শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ ওচৰত বিধায়ক অখিল গগৈ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই শপতনামাৰ জৰিয়তে ভাষ্য প্ৰদান কৰে। আয়োগক তথ্য দাখিলৰ পাছত বিধায়ক অখিল গগৈয়ে আয়োগৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ এই তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰে। আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই এই ভাষ্য প্ৰদানৰ পাছত কয় যে ছিংগাপুৰত জুবিন গাৰ্গৰ বিয়োগৰ পাছতো নর্থ- ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠান চলি থকাৰ তথ্য আয়োগক দাখিল কৰা হৈছে। তদুপৰি ছিংগাপুৰৰ জাহাজত থকা ১৮জন লোকৰ ভিতৰত কেৱল চাৰিজনকহে কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়টো আয়োগক দৃষ্টিগোচৰ কৰা বুলি শ্ৰীশর্মাই মন্তব্য কৰে।
সংগীত শিল্পী মানস ৰবীনেও আজি আয়োগৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গঠন কৰা ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা সাক্ষ্য গ্রহণ কৰি আহিছে। ২১ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰক্ৰিয়াত এতিয়ালৈ কেইবাজনো লোকে আয়োগক সাক্ষ্য প্ৰদান কৰিছে।
Assamese | November 13, 2025 7:38 PM | Zubin Garg related
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ভাষ্য প্ৰদান