ছট্টিশগড়ৰ বাষ্টাৰ সংমণ্ডলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৭টা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ জিলাৰ আবুঝমাদ বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাই আনি দিয়া খবৰৰ ভিত্তিত জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য বাহিনীয়ে যৌথ অভিযান চলাইছিল বনাঞ্চলটোত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়াগুলি চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | April 30, 2024 6:43 PM | Maioist Killed
ছট্টিশগড়ৰ বাষ্টাৰ সংমণ্ডলত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৭টা মাওবাদী নিহত