শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু আজি চৰাইদেউত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান প্ৰভাৱিত ১১০ খন বিদ্যালয়ৰ গৃহ, শ্ৰেণীকোঠা, আচবাব, শিক্ষণ-শিকন সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনি সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ বিস্তৃত পর্যালোচনা কৰা হয়। বানৰ ফলত ক্ষতিগ্রস্ত বিদ্যালয়সমূহত শীঘ্ৰে শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
Assamese | August 4, 2026 6:47 PM
চৰাইদেউত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে ডা০ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক