বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৪৫ হাজাৰ কোটি ডলাৰৰ সেৱা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি নাছকম গোলকীয় সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রীগোৱেলে ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশত সেৱা ৰপ্তানিৰ পৰিমাণে সামগ্ৰী ৰপ্তানি চেৰ পেলাব পাৰে বুলি আৰু এই ক্ষেত্ৰত তথ্য প্রযুক্তি খণ্ডৰ অৱদান অগ্ৰণী হ’ব বুলি আশ্বাস ব্যক্ত কৰে। চলিত বৰ্ষত সেৱা ৰপ্তানী বৃদ্ধি পাই ৩৮ হাজাৰ কোটি ডলাৰৰ পৰা ৩৮ হাজাৰ ৫০০ ডলাৰ হ’ব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয় কয়, যে ইয়াৰ ফলত গোলকীয় পৰ্যায়ত দেশৰ সেৱা খণ্ডৰ স্থিতি সবল হ’ব। শ্রীগোৱেলে তথ্য প্রযুক্তি খণ্ডৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, পর্যটন, ব্যৱসায়িক হিচাপ ৰক্ষণ আৰু বিত্তীয় সেৱা ক্ষেত্ৰৰ দ্ৰুত বিকাশৰ বিষয়ে উল্লেখ কৰে আৰু খণ্ডটোত কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টিৰ সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে। দেশৰ বিশাল প্ৰতিভাৰ সুবিধা গ্ৰহণ কৰি দেশলৈ গোলকীয় সামর্থ কেন্দ্রসমূহক আকৰ্ষিত কৰাৰ আৱশ্যকতাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | March 21, 2025 10:01 AM | Piyush Goel
চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰী পীয়ুষ গোৱেলৰ