চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় সামৰ্থ আৰু কাৰ্য দক্ষতাৰ বাবে যে ৰাজহুৱা ক্রয় ব্যৱস্থা অধিক স্বচ্ছ, দক্ষ আৰু বাধাৰহিত হৈ উঠিছে সেয়া প্ৰতিফলিত হৈছে। তেওঁ কয় যে, জি ই এমৰ মাধ্যমেৰে হোৱা ব্যৱসায়ত প্রায় ৫০ শতাংশ সেৱাখণ্ডৰো অৱদান আছে। যোৱা বিত্তীয় বৰ্ষৰ তুলনাত জি ই এমৰ মাধ্যমেৰে সেৱাৰ ক্ৰয় এই বছৰ ২০৫ শতাংশ বৃদ্ধি পাইছে। শ্রী সিঙে কয় যে, ভোকেল ফ’ৰ লোকেল অর্থাৎ স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগনি, এখন জিলা এবিধ সামগ্রী, ষ্টাৰ্ট আপ ৰানৱেৰ লেখীয়া প্ৰয়াসেৰে ঘৰুৱা ব্যৱসায়ীসকলক বিকাশ আৰু প্ৰগতিৰ সমান সুযোগ প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এই কথা-বতৰাত অতিৰিক্ত বাণিজ্য সচিব অনন্ত স্বৰূপ উপস্থিত থাকে।
Assamese | March 29, 2024 9:52 PM | GeM
চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়