হাৰিয়ানাৰ হিচাৰত অৱস্থিত চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় সংহত কৃষি ব্যৱস্থা গৱেষণা প্ৰকল্পৰ অধীনত এক হেক্টৰ মাটিত প্ৰস্তুত কৰা সংহত কৃষি ব্যৱস্থা আৰ্হিয়ে ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য বি আৰ কম্বোজে কয়, যে এই আৰ্হিৰ দ্বাৰা কৃষকসকলক বিভিন্ন শস্য, শাক-পাচলি, ফল-মূল আদিৰ খেতি কৰাৰ লগতে পশুপালন, কেঁচুসাৰ আৰু কাঠফুলা তথা জৈৱ ইন্ধন উৎপাদন কৰাৰ দৰে সংহত কৃষি পদ্ধতিৰ প্ৰতি আকৃষ্ট কৰিব। এই আৰ্হিটো ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি তোলা হৈছে যাতে তেওঁলোকে কম সম্পদৰ সৰ্বাধিক ব্যৱহাৰ তথা কৃষি ব্যয় হ্ৰাস কৰি কৃষিকাৰ্য সম্পাদন কৰাৰ লগতে বর্ধিত উৎপাদন কৰিব পাৰে। তেওঁ আৰু কয়, যে সংহত কৃষি ব্যৱস্থা পৰিবেশ অনুকুল আৰু ই কৃষকসকলক বছৰজুৰি আয় আহৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই মাটিৰ উৰ্বৰতা বৃদ্ধিত অৰিহণা যোগায়
Assamese | December 15, 2024 6:45 PM | agriculture
চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ৰ সংহত কৃষি ব্যৱস্থা আৰ্হিৰ ৰাষ্ট্রীয় স্বীকৃতি লাভ