চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি প্ৰথম দিনা ভাৰতৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্ট সবাতোকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টে তাৰকা ক্ৰিকেটাৰজনক অভিলেখ ২৭ কোটি টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে ভাৰতৰ আন এজন তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক দৰ লাভ কৰে। পঞ্জাৱ কিংছে মিডিল অৰ্ডাৰ বেটাৰ আয়াৰক ২৬ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। দিল্লী কেপিটেলছে কে এল ৰাহুলক ১৪ কোটি আৰু গুজৰাট টাইটানছে বেগী বলাৰ মহম্মদ চিৰাজক ১২ কোটি ২৫ লাখ টকাত ক্রয় কৰে। ভাৰতৰ আন এজন বেগী বলাৰ অশদ্বীপ সিঙক পঞ্জাৱ কিংছে ১৮ কোটি টকাত ক্ৰয় কৰে। বিদেশী খেলুৱৈ হিচাপে এই পর্যন্ত ইংলেণ্ডৰ জছ বাটলাৰে সৰ্বাধিক দৰ লাভ কৰিছে। গুজৰাট টাইটানছে বাটলাৰক ১৫ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। সেইদৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কক দিল্লী কেপিটেলছে ১১ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে ।
Assamese | November 24, 2024 7:22 PM | IPL
চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলাম আৰম্ভ