চোৰবাগান দুর্গাপূজা মণ্ডপত হেঁচা-ঠেলাৰ ঘটনাত আহতৰ স্বাস্থ্যৰ বুজ ল’বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ক’লকাতা ভ্রমণ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি কলকাতাত উপস্থিত হৈ চোৰবাগান দুর্গাপূজা মণ্ডপত হোৱা হেঁচা-ঠেলাৰ ঘটনাত আহত হোৱা সকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে, যোৱা নিশা এই ঘটনাত পদপিষ্ট হৈ কমেও ১৯ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়।

প্রাপ্ত বাতৰি অনুসৰি ধাৰাষাৰ বৰষুণ আৰু আকস্মিকভাৱে ভক্তৰ সংখ্যা বৃদ্ধিৰ বাবে এই অঘটনটো ঘটে। আহতসকলক ততাতৈয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়।

পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ লয় আৰু চিকিৎসাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্রীয়ে এই ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২৫ লাখ টকাকৈ সাহায্য আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।