তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্রী ড০ এল মুৰুগণে কয়, যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দেশৰ শাসন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুতো পৰিবৰ্তন আহিছে আৰু এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতে গোলকীয়ভাৱে বহু ক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে। চেন্নাইৰ পেৰিয়াৰ নগৰত আজি ডাকঘৰ পাচপার্ট সেৱা কেন্দ্র এটা উদ্বোধন কৰি তেওঁ কয়, যে ২০১৪ চনৰ পৰা আৰম্ভহোৱা চৰকাৰী আঁচনিসমূহে দেশৰ দূৰৱৰ্তী অঞ্চলৰ প্ৰতিজন নাগৰিকৰ কাষ চপা উচিত। তেওঁ লগতে কয়, যে চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে আৰু একাণপটীয়াভাৱে কৰি যোৱা প্ৰচেষ্টাৰ দ্বাৰা ভাৰতক গোলকীয় শক্তিৰূপে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ আশাবাদী।
Assamese | July 16, 2026 8:23 PM | Passport Service Open
চেন্নাইৰ পেৰিয়াৰ নগৰত ডাকঘৰ পাচপার্ট সেৱা কেন্দ্র উদ্বোধন