অসমত ড’নাৰ মন্ত্ৰ্যালয়ৰ অধীনত ৪০০ কোটি টকাৰে চেনেহজৰী শীর্ষক মুগা শিল্পৰ বৃহৎ প্রকল্প লোৱা হৈছে। ৰেচম শিল্পৰ উত্তৰণ, সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে শিল্পটোক নতুন মাত্রা প্রদান কৰিব। যোৰহাটৰ ৰৰৈয়া জামুগুৰিস্থিত কেন্দ্রীয় ৰেচম পৰিষদৰ মুগা পলু বীজ উৎপাদন কেন্দ্রত নতুনকৈ নিৰ্মাণ কৰা পলু বীজ উৎপাদন ভৱন আৰু শীতল সংৰক্ষণাগাৰ মুকলি কৰি কেন্দ্ৰীয় বস্তু আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি এই কথা প্রকাশ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে প্রায় ১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বৃহৎ কেন্দ্ৰটোৱে ৰাজ্যৰ বয়ন শিল্পত নতুন মাত্ৰা প্ৰদান কৰিব। দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত সর্বাধিক এৰী পলু উৎপাদন হয় বুলি উল্লেখ কৰি শ্রী মাৰ্ঘেৰিটাই কয়, যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে খণ্ডটোৰ উত্তৰণৰ বাবে অহর্নিশে কাম কৰি আছে। যোৰহাটৰ পলু বীজ উৎপাদন ভৱন আৰু শীতল সংৰক্ষণাগাৰত ৩০ লাখ পলু উৎপাদন কৰিব পৰা যাব আৰু ইয়াৰ ফলত পলু আমদানিৰ বাবদ ব্যয় হোৱা ১ কোটি টকা ৰাহি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্রটোত ঘৰুৱাভাৱে উৎপাদন কৰা এৰী পলু ছমাহ পর্যন্ত সংৰক্ষণ কৰিব পৰা যাব। টপাতলি আৰু বৰগাঁৱত ইতিমধ্যে একেধৰণৰ কেন্দ্ৰ স্থাপনৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰেচম শিল্প উৎপাদনৰ বাবে ৩ লাখ কোটি টকা আগবঢ়াইছে। তেওঁ লগতে নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দেশত বেচমৰ উৎপাদন ৫৫ শতাংশ আৰু উত্তৰ-পূৰ্বাঞ্চলত ৭৯ শতাংশ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, কেন্দ্রীয় ৰেচম বোর্ডৰ সদস্য সচিব পি শিৱকুমাৰ, ৰাজ্যৰ ৰেচম সঞ্চালক লখিমী দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | October 9, 2026 12:00 PM | Pabitra Margherita
চেনেহজৰী শীর্ষক মুগা শিল্পৰ বৃহৎ প্রকল্প লোৱা হৈছে : পৱিত্ৰ মাৰ্ঘেৰিটা