চুডানৰ গেজিৰাত কালি ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত হয়। ৰেপিড ছাপৰ্ট ফ’ৰ্চে পশ্চিম গেজিৰাৰ অল-মেহেইৰিবা অঞ্চলৰ ৮ খন গাঁৱক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বর্তমানলৈ আৰ এছ এফে কোনো মন্তব্য কৰা নাই। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে জনোৱা অনুসৰি ২০২৩ বৰ্ষৰ এপ্ৰিলৰ মাজভাগত চূডানৰ সশস্ত্র বাহিনী আৰু ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ মাজত হোৱা সংঘাতৰ ফলত চুডানত ২৭ হাজাৰতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১ কোটি ৪০ লাখৰো অধিক লোকক স্থানান্তৰিত কৰা হৈছে।
Assamese | November 30, 2024 8:44 PM | Sudan | Sudan Gezira
চুডানৰ গেজিৰাত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত