চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে’ মাহৰ পৰা চুডানৰ সশস্ত্র বাহিনী আৰু আৰ এছ এফৰ মাজত যুদ্ধ চলি আছে।
Assamese | April 13, 2025 6:00 PM | Sudan Conflict
চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু