ভাৰতে চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত দুটা সোণৰ পদক অর্জন কৰিছে। ভাৰতৰ চাইনা মানিমুগ্ধই আজি ছোৱালীৰ ১৫ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত জাপানৰ ছিহাৰু ট’মিতাক ২১-১৪, ২২-২০ গেমত পৰাভূত কৰে। একেদৰে দীক্ষা সুধাকৰে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ লক্ষ্য ৰাজেশক ২১-১৬, ২১-৯ গেমত পৰাভূত কৰে।
Assamese | October 26, 2025 9:00 PM | Badminton Asia U17 & U15 Junior Championships 2025 in Chengdu
চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ দুটা সোণৰ পদক অর্জন