চি পি ৰাধাকৃষ্ণণৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ

ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্যপদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে ২০২১ চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নির্বাচিত হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।