চি আৰ পি এফৰ নিয়ন্ত্ৰণত সাময়িক যুদ্ধবিৰতিত থকা মণিপুৰৰ কুকি উগ্ৰপন্থী গোটৰ ছিনাই শিবিৰ

সাময়িক যুদ্ধবিৰতিত থকা মণিপুৰৰ কুকি উগ্রপন্থী গোটৰ ছিনাই শিবিৰ চি আৰ পি এফে নিয়ন্ত্ৰণৰ অধীনলৈ আনিছে। উল্লেখযোগ্য যে ছিনাই শিবিৰৰ সমীপত চলোৱা এটা আক্ৰমণৰ ঘটনাত তিনিজন মেইটেই সম্প্ৰদায়ৰ অসামৰিক লোক নিহত হোৱাৰ পাছত কাংপকপি জিলাত অৱস্থিত এই শিবিৰটোত মণিপুৰ আৰক্ষী, চি আৰ পি এফৰ কোৱা গোট আৰু অন্যান্য সংস্থাই যৌথ অভিযান চলায়।

শিবিৰটোত ১৫০ জন কুকি উগ্রপন্থী গোটৰ সদস্য থাকিব লাগিছিল যদিও আৰক্ষীৰ এই অভিযান কালত ভুৱা পৰিচয়ৰ ১৭জন লোকহে শিবিৰটোত থকাৰ তথ্য পোহৰলৈ আহে। মণিপুৰৰ মুখ্যমন্ত্ৰী য়‍্যামনাম খেমচান্দ সিঙে আজি শিবিৰটো পৰিদৰ্শন কৰি চি আৰ পি এফ আৰু আছাম ৰাইফলছৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া তথা জোৱানসকলৰ সাহসৰ শলাগ লোৱাৰ লগতে অভিযানসমূহৰ ফলত নিৰীহ লোক প্রভাবিত নোহোৱাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।