চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী হাৱাৰগাঁৱত থকা নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখন এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ’ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ সৈনিক স্কুল ছ’চাইটিয়ে শেহতীয়াভাৱে ঘোষণা কৰা দেশৰ এশখন সৈনিক স্কুলৰ ভিতৰত চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখনেও স্বীকৃতি লাভ কৰিছিল। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ ৰতন কুমাৰ ৰয়ে আজি বিজনী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়। অসমৰ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক একোজন সুনাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সেৱাত ব্ৰতি কৰাৰ উদ্দেশ্যে ২০১৯ চনত স্থাপন কৰা নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ সৈনিক স্কুল হিচাপে লাভ কৰা স্বীকৃতিক লৈ বিদ্যালয় পৰিচালনা সমিতিয়ে আনন্দ প্ৰকাশ কৰে।
Assamese | April 29, 2025 7:34 PM | Chirrang Sainik School
চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুল এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ’ব