May 28, 2025 9:16 PM | Ranjeet Chirrang

printer

চিৰাঙত ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ কাম-কাজ সন্দৰ্ভত পর্যালোচনা বৈঠক

পঞ্চায়ত, গ্রামোন্নয়ন বিভাগৰ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি চিৰাং জিলাত ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ কাম-কাজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গ্রামোন্নয়ন অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ লগতে পর্যটন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনত ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুৰব্বীসকলৰ সৈতে আলোচনা কৰে। নিৰ্ধাৰিত আঁচনিসমূহৰ ৰূপায়ণ সময়মতে কৰিবলৈ তেওঁ বিভাগীয় মুৰব্বীসকলক আহ্বান জনায়। মন্ত্রী শ্রীদাসে চিৰাং জিলাত গ্রামোন্নয়ন বিভাগে ৰূপায়ণ কৰা কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী পানবাৰীত পৰ্যটন বিভাগৰ দ্বাৰা নতুন প্রকল্প নিৰ্মাণৰ পোষকতা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।