চিৰাং জিলাৰ বাসুগাঁৱত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৭৫ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভাই প্ৰতিষ্ঠা লাভ কৰিছিল। কাইলৈ পুৱা ৮ বজাত সাংসদ জয়ন্ত বসুমতাৰীয়ে লক্ষ্মীনাথ ব্ৰহ্ম সোঁৱৰণী মূল তোৰণ মুকলি কৰিব। ইয়াৰ পাছতে বিটিচিৰ কাৰ্যবাহী সদস্য ডেৰহাছাট বসুমতাৰীয়ে মূল মণ্ডপ মুকলি কৰিব।
কাইলৈ বিভিন্ন শিবিৰ, প্ৰদৰ্শনী আদিও মুকলি কৰা হ’ব। বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰ্গয়াৰীৰ অধ্যক্ষতাত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী উপস্থিত থাকিব। এই কার্যসূচীত গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ সভাপতি, অধ্যাপক ৰমেশ ভৰদ্বাজ, অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। পৰহিলৈ মুকলি সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰথ নাৰ্জাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশ ল’ব বুলি আমাৰ সংবাদদাতাই জনাইছে।
ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া তথা পুডুচেৰীৰ প্ৰাক্তন উপ-ৰাজ্যপাল ড০ কিৰণ বেদীয়ে ত্ৰিপুৰাৰ ছাত্ৰ-ছাত্ৰীসকলক কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল নহৈ ব্যৱহাৰিক অভিজ্ঞতা আৰু সামাজিক সেৱাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ে আয়োজন কৰা পঞ্চম ত্ৰিপুৰা আলোচনা মঞ্চ বার্তাত মুখ্য বক্তা হিচাপে ভাষণ দি ড০ বেদীয়ে এইদৰে আহ্বান জনায়।
তেওঁ কয়, যে শ্ৰেণীকোঠাৰ শিক্ষাৰ উপৰি বিদ্যাৰ্থীসকলৰ মাজত নেতৃত্বৰ গুণ বিকশাই তোলাৰ বাবে তৃণমূল পৰ্য্যায়ত কাম কৰাত আৰু পোনপোটীয়াকৈ সমাজ সেৱাৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰা উচিত। তেওঁ কয়, যে ত্ৰিপুৰাই ৰাজ্যখনৰ যুৱ প্ৰজন্মক সামাজিক কল্যাণ কাৰ্য্যসূচী আৰু ৰাজহুৱা সেৱাৰ কাম-কাজত নিয়োগ কৰি উত্তৰ পূৰ্বাঞ্চলত নিদৰ্শন দাঙি ধৰিব পাৰে। কৃত্রিম বুদ্ধিমত্তাই শিক্ষা গ্রহণ প্ৰক্ৰিয়াত সহায় কৰিব পাৰে যদিও এই প্রযুক্তিয়ে ব্যৱহাৰিক অভিজ্ঞতা আৰু পোনপটীয়া কথোপকথনৰ ঠাই ল’ব নোৱাৰে বুলি ড০ বেদীয়ে দাবী কৰে।